Induction/In-service Training Programme

Successful completion of the 3-Day Induction/In-service Training Programme for the Employees of Assam Agricultural University, Jorhat

Organised by The Human Resource Development (HRD) Cell, O/o The Registrar, Assam Agricultural University, Jorhat , Assam from the 23rd to 25th July 2024 in the Seminar Hall and Conference Room of the DBT-NECAB Centre, AAU, Jorhat.

অসম কৃষি বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ বিকাশ কোষৰ দ্বাৰা আয়োজিত তিনিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ত " মানৱ সম্পদ বিকাশ কোষ " ৰ আহ্বায়ক প্ৰফেচৰ ড০ সমীৰণ দত্ত আৰু সদস্য সচিব তথা বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক নিবেদিতা বৰুৱাৰ সক্রিয় নেতৃত্বত বিশ্ববিদ্যালয়খনৰ নৱ নিযুক্ত শিক্ষক-কৰ্মচাৰীসকলৰ বাবে এটি তিনিদিনীয়া প্ৰশিক্ষণ ২৩, ২৪ আৰু ২৫ জুলাই তাৰিখে বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হৈ যায় । উক্ত প্ৰশিক্ষণৰ শুভাৰম্ভণী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকা, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড০ সমুদ্র গুপ্ত কাশ্যপ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত ৰাজ্যিক তথ্য আয়ুক্ত শ্ৰীযুত কনক চন্দ্ৰ শৰ্মা ,কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, বিশ্ববিদ্যালয়ৰ কৃষি গবেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া , স্নাতকোত্তৰ শিক্ষা বিভাগৰ সঞ্চালক ড০ অনুপ কুমাৰ দাস, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ, জৈৱ প্ৰযুক্তি বিভাগৰ সঞ্চালক ড০ বিদ্যুৎ কুমাৰ শৰ্মা, কৃষি মহাবিদ্যালয় বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠক আৰু সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড০ মামনি দাস, ড০ মলয়া গগৈ, সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সহযোগী সম্প্ৰসাৰণ বিষয়া ড০ ৰঞ্জিত কুমাৰ সাউদকেই প্ৰমুখ্য কৰি বিশ্ববিদ্যালয়খনৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে প্ৰশিক্ষণ কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়ায়। মানৱ সম্পাদ বিকাশ কোষৰ আহ্বায়ক ড০ সমীৰণ দত্তই প্ৰশিক্ষণ কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে। ইয়াৰ পাচতে উক্ত দিনাৰ প্ৰশিক্ষণৰ মূল বিষয়বস্তুৰ লগত সংগতি ৰাখি ড০ মীন্তি গগৈয়ে সম্পাদনা কৰা " তথ্য জনাৰ অধিকাৰ আইন-২০০৫" শীর্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয়। কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য মহোদয়ে নৱনিযুক্ত প্ৰশিক্ষাৰ্থীসকলক নতুন কথা শিকিবলৈ উদ্বুদ্ধ কৰাৰ লগতে প্ৰশিক্ষণৰ সফলতা কামনা কৰি তেখেতৰ সুন্দৰ অভিভাষণেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানটিৰ পৰবৰ্তী কাৰ্যসূচীত সমল ব্যক্তি হিচাপে আচার্য ড০ সমুদ্র গুপ্ত কাশ্যপ আৰু অৱসৰ প্ৰাপ্ত তথ্য আয়ুক্ত শ্ৰীযুত কনক চন্দ্ৰ শৰ্মাদেৱে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায়। উক্ত তিনিদিনীয়া প্ৰশিক্ষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ বহুকেইটা বিভাগৰ মূৰব্বী অধ্যাপক ড০ দিলীপ কুমাৰ পাটগিৰি, ড০ ৰমণী কুমাৰ ঠাকুৰীয়া , ড০ অনন্ত কুমাৰ শইকীয়া, ড০ ৰমেন শৰ্মা, ড০ বিদ্যুৎ কুমাৰ শৰ্মা, ড০ পংকজ বৰুৱা, ড০ পি.ডি. নাথ, ড০ নিবেদিতা ডেকা, ড০ হেমাংগ কলিতা, ড০ ৰাজু মনি বৰদলৈ, ড০ মলয়া গগৈ, ড০ কে কাৰ্থিকেইন, ড০ দেনিচ তামুলী, লুণা দত্ত বৰুৱা, উপপঞ্জীয়ক নিবেদিতা বৰুৱা, লোক তথ্য বিষয়া ড০ প্ৰশান্ত ভট্টাচার্য, সহকাৰী পঞ্জীয়ক ৰবীন যোশী,যোৰহাট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ হৈ চিফ্ এগজিকিউটিভ আফিচাৰকে আদি কৰি ৰাজ্যখনৰ সৰ্বমুঠ ২৫ জন সমল ব্যক্তিয়ে নিজস্ব বিষয়বস্তুৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ড০ বিনয় কুমাৰ মেধি, উপ পঞ্জীয়ক নিবেদিতা বৰুৱা আৰু ড০ সমীৰণ দত্ত উপস্থিত থাকি সৰ্বমুঠ ৪৮ জন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ত প্ৰথম বাৰৰ বাবে আয়োজিত অনুষ্ঠানটিৰ সফল সমাৰণি কৰে ।